Website Design: dastechnologies.in
মহামাৰী কৰ’না আৰু দীৰ্ঘদিনীয়া বান সমস্যাত এইবাৰৰ বাৰিষাত জুৰুলা সমগ্ৰ ৰাজ্যবাসী। ব্যতিক্ৰম নহয় উত্তৰ হাজো অঞ্চলৰ বহু গাঁও। মহামাৰী কৰ’না আৰু বলীয়া বানে হাজোবাসী ৰাইজক বাৰুকৈয়ে জুৰুলা কৰিছে। কিন্তু এই দুৰ্দশাৰ সময়ত হাজোবাসীৰ কাষত থিয় দিছে গো-ধাৰ্মিক নামে বৃটেইনস্থিত আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থাটো। হাজোৰ জাপিয়াৰ প্ৰায় ২০০ বানপীড়িত পৰিয়ালক চাউল, দাইল, মিঠাতেল, চাবোন, চেনিটাইজাৰ আদি প্ৰদান কৰে সংস্থাটোৱে। একেদৰে হাজোৰ বানপীড়িত দিহিনা, হৈনাদী অঞ্চলৰ ৬০০ পৰিয়ালক বান সাহায্য প্ৰদান কৰে ৰেইজৰ উদ্যোগত গুৱাহাটীৰ Lions ক্লাৱে। সংস্থাকেইটাৰ এই বান সাহায্য প্ৰদানত সহযোগিতা আগবঢ়ায় হাজো বিজেপি মণ্ডল, উত্তৰ হাজো মণ্ডল, বিজেপি নেতা ৰাতুল শৰ্মা, জিলা পৰিষদৰ সদস্য বিপুল দাসসহ কেইবাজনো লোকে।