Local, Vocal, Global

মাল্টি কমপ্লেক্সৰ আধাৰশিলা স্থাপনক লৈ উত্তপ্ত তীৰ্থ নগৰী হাজো

তীৰ্থনগৰী হাজোত বজৰংগ দলৰ প্ৰতিবাদ| এটা মাল্টি কমপ্লেক্সৰ আধাৰশিলা স্থাপন হোৱাৰ পূৰ্বে শনিবাৰে তীৰ্থনগৰী হাজোত প্ৰতিবাদমুখৰ পৰিস্থিতি| হাজোৰ এগৰাকী কংগ্ৰেছ নেতাৰ তত্বাৱধনাত নিৰ্মাণ হ’বলগীয়া পঞ্চতীৰ্থ মাল্টি কমপ্লেক্স কোনো কাৰণতে নিৰ্মাণ কৰিব নিদিয়াৰ হুংকাৰ দিয়ে বজৰংগ দলৰ হাজো শাখাই| হাজোত কোনো কাৰণতে চিনেমা হল আৰু সুৰা বিপণী হ’বলৈ নিদিয়ে বজৰংগ দলে| আনফালে হাজোৰ পতনিৰ যি স্থানত মাল্টি কমপ্লেক্স নিৰ্মাণৰ যো-জা চলিছে সেই ভূমি বিবদমান ভূমি বুলি অভিযোগ বজৰংগ দলৰ| ৩ আগষ্ট তাৰিখে পঞ্চতীৰ্থ মাল্টি কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰাৰ কথা অসমৰ এগৰাকী জনপ্ৰিয় শিল্পীৰ| বজৰংগ দলৰ কৰ্মকৰ্তাই শিল্পীগৰাকীক আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ নকৰিবলৈ অনুৰোধ জনায় | আনহাতে মাল্টি কমপ্লেক্স নিৰ্মাণ হ’বলগীয়া বিবদমান ভুমি এই অভিযোগ সীমামূৰীয়া এজন যুৱকৰ| এতিয়াও বিবদমান ভূমিৰ গোচৰৰ নিষ্পত্তি হোৱা নাই, এই অভিযোগ কৰে যুৱকজনে।