চলন্ত ৰে’লত যুৱকৰ মৃত্যুঃ জানাজাক লৈ অনিশ্চয়তা

চলন্ত ৰে’লত হাজোৰ যুৱকৰ মৃত্যুঃ মৃতদেহ জানাজা দিয়াক লৈ অনিশ্চয়তা হাজোত৷ কৰ’নাক লৈ সৰ্বত্ৰে আতংকৰ মাজতে চলন্ত ৰে’লত হাজোৰ এজন যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য হাজোত। ছামছুল হক নামৰ যুৱকজনে উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহি থকা অৱস্থাত পশ্চিমবংগৰ শিলিগুৰিত চলন্ত ৰে’লত মৃত্যু হয়। যুৱকজনৰ মৃত্যুক লৈ হাহাকাৰ হাজোত। যুৱকজন কভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহ। বৰ্তমান GMCHৰ মৰ্গত আছে মৃতদেহটো। কিন্তু মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ পৰিয়ালৰ। কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকৰ সৈতে হাজোৰ বৰ্ণিগাঁৱৰ লোকসকলৰ মাজত চলে আলোচনা। পৰিয়ালৰ লোক অমান্তি হ’লেও গাঁওখনৰ ৰাইজে মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। প্ৰসাশনৰ সহযোগত ৰাইজে জানাজা সম্পন্ন কৰিবলৈ সাজু হৈছে ছামছুলৰ।