Local, Vocal, Global

বাইক চোৰৰ বিৰুদ্ধে কঠোৰ বিহপুৰীয়া আৰক্ষী

লখিমপুৰৰ বাইক চোৰ যদি ডালে-ডালে আৰক্ষী পাতে-পাতে। এইবাৰ বিহপুৰীয়া আৰক্ষীৰ মাৰাথন অভিযানত ত্ৰাহি মধুসূদন দেখিছে বাইক চোৰে। চলিত মাহত বিহপুৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্তবিষয়া হিৰণ্য পাটৰৰ নেতৃত্বত  বাইক চোৰৰ বিৰুদ্ধে চলা  অভিয়ানত উদ্ধাৰ ৯খনকৈ চুৰি বাইক । লগতে গ্ৰেপ্তাৰ কৰে ১৪জনকৈ বাইক চোৰক। আৰক্ষীয়ে ধলপুৰ, ডিৰ্জু, বঙালমৰা আদি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুধৰ্ষ চোৰকেইটাক। আৰক্ষীৰ মন্তব্য এতিয়াও পলাতক অৱস্থাত আছে বাইক চুৰি গেঙৰ সক্ৰিয় বহুকেইটা সদস্য। গ্ৰেপ্তাৰ কৰা চোৰৰ তথ্যৰ ভিত্তিত পলাতক চোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।