Local, Vocal, Global

চৰকাৰক ভূমি দান কৰি বিপাঙত এজন যুৱক

হাইলাকান্দিৰ এগৰাকী যুৱকৰ কৰুণ কাহিনী । থানা নিৰ্মাণৰ বাবে নিজৰ বাসভূমি দান কৰি বিপাকত পৰিছে এই গৰাকী যুবক । বৰ্তমানে হাইলাকান্দি জিলাৰ কাৰিছেড়া পেট্ৰল পোষ্টৰ বাৰাণ্ডাত ৰাত্ৰীযাপন কৰিছে এই যুবক গৰাকীয়ে ।

মহানুভতায়ও কেতিয়াবা মাতি আনে বিপদ । এনেই এক পিতাৰ মহানুভতাৰ বাবে বিপাঙত পৰিবলগা হৈছে পুত্ৰক । ২০১৬ চনতে হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ কাৰিছেড়া এলেকাত বৃদ্ধি পোৱা অসাধু কাৰ্যকলাপ বন্ধ কৰাৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল এটা আৰক্ষী পেট্ৰল পোষ্ট ।

সেই সময়ত এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে অতি প্ৰতাপি প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে । একে কথায় তেতিয়া গোটেই হাইলাকান্দি জিলাত আছিলে গৌতম ৰয়ৰ ৰাজত্ব । তেতিয়া গৌতম ৰয়ৰ উদ্দ্যোগত এই আৰক্ষী চকি খন নিৰ্মাণৰ বাবে সম্পূৰ্ণ বিনামূল্যে নিজৰ সকলো ভূমি দান কৰিছিলে এগৰাকী স্থানীয় ব্যক্তি ভানু চন্দ্ৰ পালে ।

নিজৰ সৰ্বস্ব দান কৰাৰ বাবে তেওঁৰ একমাত্ৰ পুত্ৰ মুন্না পাল’ক এটা চাকুৰি প্ৰদান কৰাৰ আস্বাস প্ৰদান কৰিছিলে সেই সময়ৰ ৰাজ্য কেবিনেটৰ জ্যেষ্ঠ মন্ত্ৰী গৌতম ৰয় সহ অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া সকলে । কিন্তু ইয়াৰ পিছতে মৃত্যু হল ভানু চন্দ্ৰ পালৰ ।

লগে-ভাগে অবসান ঘটিল গৌতম ৰয়ৰ ৰাজত্বৰও । আৰু অধৰা থাকি গল ভানু চন্দ্ৰ পালে পোৱা সকলো প্ৰতিশ্ৰুতি । বৰ্তমানে পিতৃ মাতৃ হীন মুন্না পাল সৰ্বশেষ হৈ ঘুৰি ফুৰিছে দ্বাৰে দ্বাৰে । ভূমি দান কৰাৰ পিছতে পাল পৰিৱালক এটা গৃহ নিৰ্মাণ কৰি দিয়াৰ কাম আৰম্ভ কৰিলেও সেয়াও থাকিল অসম্পূৰ্ণ ।

দীৰ্ঘ বছৰৰ অসম্পূৰ্ণ গৃহ এতিয়া হাবি জঙ্গলে পৰিপূৰ্ণ হৈ পৰিছে । বৰ্তমানে আৰক্ষী চকিৰ বাৰাণ্ডাত ৰাত্ৰি যাপন কৰিব লগা হয় মুন্না’ক । এটা সময়ত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বৃহৎ মাটিৰ গৰাকীয়ে আজি অতিবাহিত কৰিছে ভিকাৰিৰ জীৱন । সৰ্বস্বান্ত হোৱা মুন্না পালে বৰ্তমান ৰাজ্য চৰকাৰ আৰু আৰক্ষী বিভাগক তেওঁৰ জীৱন ৰক্ষাৰ বাবে জনাইছে কাতৰ আবেদন