Local, Vocal, Global

বহিঃৰাজ্যত গৈ নিখোজ মৰিগাঁও যুৱক

কামৰ সন্ধানত বহিঃৰাজ্যত  গৈ নিখোজ মৰিগাঁও মিকিৰগাওঁৰ যুৱক । একমাত্ৰ পুত্ৰ এমাহ ধৰি নিখোজ হৈ থকাত বৃদ্ধ পিতৃ মাতৃৰ মাজত বিৰাজ কৰিছে হাঁহাকাৰ পৰিবেশ।  মিকিৰভেটা আৰক্ষীৰ ভুমিকা ৰহস্যজনক।

 

মৰিগাঁও জালুগুটি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত মিকিৰগাওঁৰ বৃদ্ধদম্পতি মফিজ আলী আৰু মেনেকী বেগমৰ একমাত্ৰ পুত্ৰ সন্তান নাচিৰউদ্দিন আলী। ঘটনাৰ বিবৰণী মতে, হালধিবাৰী গাঁৱৰ বাবুল আলী @কতিয়া ৰ লগত  চলিত বৰ্ষৰ জুলাইৰ শেষভাগত ট্ৰাকৰ হেন্ডিমেন হিচাপে কাম কৰিবলৈ গৈছিল অৰুণাচলত।

প্ৰথমে সকলো ঠিকেই আছিল যদিও কেইদিনমান পিছতে বাবুল আলীয়ে ফোনযোগে নাচিৰ কৰ্মস্থলীৰ পৰা নিখোজ হোৱাৰ কথা অৱগত কৰে নাছিৰৰ আত্মীয়ক।

পৰবৰ্তী সময়ত নাচিৰৰ আত্মীয়ই বাবুলক নাচিৰ নিখোজৰ বিষয়ে জানিব বিচৰাত বিভিন্ন ধৰণৰ সন্দেহজনক মন্তব্য প্ৰদান কৰাত উপায়ন্তৰ হৈ নাচিৰৰ পৰিয়ালে জালুগুটি আৰক্ষী পহৰা চকীত গোচৰ ৰুজু কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে নাচিৰৰ পৰিয়ালে।

 

বৃদ্ধ নাচিৰউদ্দিনৰ মাতৃ আৰু ভগ্নীয়ে কেমেৰাৰ সন্মুখত কান্দি কান্দি মৰিগাঁও আৰক্ষী অধীক্ষক আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনায় যে ঘটনাৰ উচিত তদন্ত কৰি প্ৰায় এমাহে নিখোজ হৈ থকা নাছিৰক উদ্ধাৰৰ ব্যৱস্থা কৰি পৰিয়ালটোক উপকৃত কৰে।