১৪ চুৰৰ ১১ খন বাইক

মহানগৰৰ ক্ষেত্ৰী আৰক্ষীৰ সফল অভিযান। শনিবাৰে নিশা সোণাপুৰত মহানগৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱাৰ পিছতেই পুনৰ ক্ষেত্ৰী আৰক্ষীয়ে শনিবাৰে নিশা এক সফল অভিযান চলাই।
ক্ষেত্ৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক মনোৰঞ্জন ৰাজখোৱাৰ নেতৃত্বত চলা অভিযানত জব্দ হয় ১১খনকৈ চুৰি বাইকসহ আটক বাইক চুৰিৰ সৈতে জড়িত ১৪জনকৈ যুৱক।
উল্লেখ্য যে ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ পৰা বাইক কেইখন জব্দ কৰিবলৈ সক্ষম হৈছে ক্ষেত্ৰী আৰক্ষীয়ে। মন কৰিবলগীয়া যে যোৱা কিছুদিন ধৰি আটকাধীন যুৱককেইজনৰ ভিতৰত কেইজনমানে বিভিন্ন প্ৰান্তৰ পৰা অতি কৌশলৰে বিলাসী KTM, DIO, ACTIVA আদি দুচকীয়া বাহনসমূহ চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
আৰক্ষী সূত্ৰে জানিব পৰা মতে এই চুৰি চক্ৰটোৰ সৈতে জড়িত বহু দুচকীয়া বাহন সহ আন কেইবাজনো যুৱক শীঘ্ৰেই জালত পৰাৰ সম্ভাৱনা আছে।