Local, Vocal, Global

আধাতে বন্ধ হ’ল হাগ্ৰামা মহিলাৰীৰ ভাষন

আধাতে বন্ধ হ’ ল হাগ্ৰামা মহিলাৰীৰ ভাষন । ভাষন বন্ধ কৰি বহি পৰিল হাগ্ৰামা মহিলাৰী । পিচে কিয় বন্ধ কৰিবলগীয়া হ’ ল হাগ্ৰামা মহিলাৰীৰ ভাষন। এখন জনাকীৰ্ণ নিৰ্বাচনী সভা ৷ মুখ্য অতিথি বিটিচিৰ প্ৰাক্তন চীফ তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী । বাক্সাৰ শালবাৰীত শুক্ৰবাৰে অংশ লৈছিল বিটিচি নিৰ্বাচনৰ এখন প্ৰচাৰ সভাত । সভাত সহস্ৰাধিক মহিলা । বিটিআৰ চুক্তি সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে সভাত আগবঢ়াই আছিল বক্তব্য । বিটিআৰ চুক্তিৰ জড়িয়তে সংৰক্ষিত বনাঞ্চলত বসবাস কৰা লোক সকলক উচ্ছেদ কৰিব । গতিকে চুক্তিখনৰ কিছু দফা সালসলনি কৰিব লাগে । সেই মূহুৰ্ততে সভাত উপস্থিত থকা এগৰাকী মহিলাই চোচা ললে হাগ্ৰামা মহিলাৰীক । হাগ্ৰামাৰ বক্তব্যৰ প্ৰতিবাদ জনায় খেদি আহিল মঞ্চৰ সম্মুখলৈ ৷ হঠাৎ সভাস্থলীত সৃষ্টি হ’ ল এক হৈ চৈ পৰিৱেশ ৷ মহিলাগৰাকীক বিপিএফৰ সদস্য আৰু আৰক্ষীয়ে মঞ্চৰ সম্মুখৰ পৰা আতৰায় নিয়াৰ চেষ্টা কৰে যদিও ভাষনৰত হাগ্ৰামা মহিলাৰী ভাষন বন্ধ কৰি বহিবলৈ বাধ্য হয় । একাংশ লোকে মহিলাগৰাকীক মানসিক ৰোগী বুলি কব বিচাৰে যদিও একাংশই বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা বাবে হাগ্ৰামাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল মহিলাগৰাকী ঠ সেয়া যিয়ে নহওঁক কিছু সময়ৰ বাবে ভাষন বন্ধ কৰিবলৈ বাধ্য হয় হাগ্ৰামা মহিলাৰীয়ে ।