Local, Vocal, Global

নগাঁৱৰ মাজমজিয়াত এজন ডাক্তৰ আৰু এজাক কুকুৰ

নগাঁৱত দেখা গল এজন ডাক্তৰ আৰু এজাক কুকুৰ। কিন্তু ক’ৰ পৰা আহিল এজাক কুকুৰ? এই প্ৰশ্ন  উদয় হোৱাৰ লগে লগে এডিপি কলেজৰ বাকৰিত শুনা গ’ল সেই ডাক্তৰজন আৰু কুকুৰজাকৰ বাৰ্তালাপ। শনিবাৰে নিশা এডিপি কলেজত মঞ্চস্থ হ’ল নিবেদনৰ প্ৰযোজনাৰে জ্যোতিপ্ৰসাদ ভূঞাৰ পৰিচালনাৰে নাটক “এজন ডাক্তৰ আৰু এজাক কুকুৰ”। নাটখনৰ মাজেৰে পৰিচালকে এটা কথা স্পষ্টকৈ বুজাব পাৰিছে যে মানুহে নিজৰ মূল্য নিজে বঢ়াব লাগিব আৰু তাৰ বাবে শ্ৰম কৰিব লাগিব নিজে ৷ নাটখনিৰ মাজেৰে এটা কথা ফুটি উঠিছে যে ফাঁকি-ফুকাৰে এখন দেশ চলিব পাৰে কিন্তু সৰ্বসাধাৰণ চলিব নোৱাৰে ৷ সমাজৰ কাম কৰিবলৈ নিজৰ যোগ্যতা আহৰণ কৰিব লাগিব৷ কোভিড প্ৰট’কল ৰক্ষা কৰি উক্ত নাটখনিৰ দুটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হয়।নাটক খনৰ সংলাপ লিখিছে ডঃ অজিত ভৰালী আৰু ৰাতুল ফুকনে।