Local, Vocal, Global

অনলাইনত শিশুৰ আধাৰ কাৰ্ড কেনেদৰে পাব?

এতিয়া ৫ বছৰৰ তলৰ শিশুকো প্ৰয়োজন হব আধাৰ কাৰ্ডৰ। অনলাইনতে কৰিব পাৰিব শিশুৰ আধাৰ কাৰ্ডৰ বাবে আবেদন । কিন্তু আবেদন কেনেকৈ কৰিব?
অনলাইন আবেদন কৰিবৰ বাবে প্ৰথমে আপুনি UIDAI ৰ ৱেবচাইটত যাব লাগিব। তাৰ পিছত আপুনি ক্লিক কৰিব লাগিব আধাৰ কাৰ্ড পঞ্জীয়ন লিংকত। তাত সন্নিবিষ্ট কৰিব লাগিব শিশুৰ নাম, অভিভাৱক নাম ফোন নম্বৰ আৰু ই-মেইল,নিজৰ ঠিকনা,জিলা আৰু ৰাজ্যৰ নাম। তাৰপিছত ক্লিক কৰক এপইন্টমেণ্ট টেবত । ইয়াৰ পিছতে পঞ্জীয়ন সময় তাৰিখ ভৰ্তি কৰক। আবেদনৰ বাবে সমীপৱৰ্তী আধাৰ কেন্দ্ৰলৈ যাব পাৰিব। লগতে নিব লাগিব প্ৰয়োজনীয় নথি পত্ৰ আৰু ৰেফাৰেঞ্চ নম্বৰ। শিশু আধাৰৰ নথি হ’ব জন্মৰ প্ৰমানপত্ৰ আৰু বিদ্যালয়ৰ পৰিচয় পত্ৰ। শিশুৰ আধাৰ কাৰ্ড পিতৃ মাতৃৰ যিকোনো এজনৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা হব। মাক দেউতাকৰ যিকোনো এজনৰ ফোন ন্মৰ সংল্গন্ন হ’ব। ইয়াৰ পিছত ৰেজিষ্টাৰ মোবাইল নম্বৰত মেচেজ আহিব। সকলো সম্পূৰ্ণ হোৱাৰ অন্তত ৬০ দিনৰ পিছত সম্পূৰ্ণ হৈ পৰিব আধাৰ কাৰ্ড। শিশুৰ আধাৰ কাৰ্ডৰ ৰং হব নীলা। ৫ বছৰৰ তলৰ শিশুৰ ফিঙ্গাৰপ্ৰিন্ট আৰু চকুৰ আইৰিছৰ নমুনা লোৱা নহয়। কিন্তু শিশুটিৰ ৫ বছৰ হলে শিশুটিৰ বায়মেট্ৰিক পৰীক্ষা কৰা হ’ব। তাৰপিছত সংযোজন কৰা হ’ব আধাৰ কাৰ্ডৰ সৈতে। পাছত ১৫ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে আপদেট কৰা হ’ব আধাৰ কাৰ্ড।