Local, Vocal, Global

ৰাজ্য চৰকাৰৰ ‘জ্ঞানদীপিকা’ আঁচনি মনত আছে নে?

ৰাজ্যত পুনৰ চৰ্চা লাভ কৰিছে অসম চৰকাৰে ঘোষণা কৰা অভিলাষী ‘জ্ঞানদীপিকা’ আঁচনিৰ বিষয়ে। ২০১৯ বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ‘জ্ঞানদীপিকা’ আঁচনি। এই অভিলাষী আঁচনিৰ জৰিয়তে দ্বাদশ শ্ৰেণীত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক ”ই-বাইকছ” প্ৰদান কৰাৰ কথা আছিল। কিন্তু আমো নাই ফৰ্মুটিও নাই, অভিলাষী আঁচনি আজিলৈকে ঘোষণাতে সীমাবদ্ধ হৈ ৰ’ল। বৰ্তমানলৈ ৰাজ্যৰ ছাত্ৰীয়ে শিক্ষানুষ্ঠানলৈ ‘ই-বাইকছ’ লৈ যোৱাৰ সুবিধা নহল।

 

ৰাজ্য চৰকাৰে শেহতীয়াকৈ পুনৰ ঘোষণা কৰিছে আন এক অভিলাষী আঁচনিৰ। দ্বাদশ শ্ৰেণীত প্ৰথম স্থান প্ৰাপ্ত ২২ হাজাৰ ছাত্ৰীক প্ৰদান কৰিব স্কুটি। এই ঘোষণাৰ পিছতে ৰাজ্যত পুনৰ সৰৱ হৈছে ‘জ্ঞানদীপিকা’ৰ প্ৰসংগ। ২০১৯ চনত ঘোষণা কৰা ই-বাইকৰ লাভ কৰিব আশা পালি থকা ছাত্ৰীসকলৰ মলত পুনৰ উত্থাপন কৰিছে ‘জ্ঞানদীপিকা’ৰ প্ৰসংগ। ‘জ্ঞানদিপীকা’ আঁচনিৰ সন্দৰ্ভত উত্থাপন কৰিছে প্ৰশ্নৰ। ৰাজ্য চৰকাৰে ‘ই-বাইকছ’ প্ৰদানৰ পৰা বঞ্চিত কৰাৰ অভিযোগো উত্থাপন কৰিছে ছাত্ৰীসকলে।
সম্প্ৰতি সামাজিক মাধ্যমত শিক্ষাৰ্থীসকলে #gyandeepika2019, #Justicefor2019batchgirls আদিৰে সামজিক মাধ্যমত আৰম্ভ কৰিছে প্ৰতিবাদ। ‘জ্ঞানদীপিকা’ আঁচনিৰ দৰে স্কুটি প্ৰদান আঁচনিও ঘোষণাতে সীমাবদ্ধ হৈ থাকিব নেকি? এতিয়া এনেধৰণৰ প্ৰশ্নৰ উদয় হৈছে সৰ্বত্ৰে।