Local, Vocal, Global

গোলাঘাটত আৰক্ষীৰ চকুত ধূলি দি পলায়ন এটা গভাইত চোৰৰ

গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হয় এক চাঞ্চল্যৰ ঘটনা। আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় এটা গভাইত চোৰ। চিকিৎসালয়খনত বেমাৰৰ ভাও ধৰি চিকিৎসাধীন হৈ থকা চাফিজুল আলি নামৰ এটা গভাইত চোৰে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে।চিকিৎসালয়খনৰ কয়দী ৱাৰ্ডৰ পৰা শৌচ কৰিবলৈ যাও বুলি পলায়ন কৰে চোৰটোয়ে। গভাইত চোৰটোক আৰক্ষীৰ লোকে নিজেই শৌচাগাৰৰ কাষলৈকে নিছিল যদিও চতুৰ চাফিজুলে শৌচাগাৰৰ বাহিৰত আৰক্ষীৰ জোৱান ৰৈ থকাৰ অৱস্থাতো কৌশলেৰে শৌচাগাৰৰ টিঙ এৰুৱাই ওপৰেদি পলায়ন কৰে।গোলাঘাট নগৰৰ কেইবাটাও চুৰি ঘটনাৰ লগত জড়িত চোৰটোক ২০ আগষ্টত গোলাঘাট আৰক্ষীয়ে আটক কৰিছিল।চোৰটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল সোন, ৰূপৰ অলংকাৰ, নগদ ধন বিভিন্ন ধৰণৰ সামগ্ৰী। আৰক্ষীয়ে চোৰটোক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰি অধিক তদন্তৰ বাবে নিজৰ জিম্মাত ৰাখিছিল কিন্তু আৰক্ষীৰ চকুৰ সন্মুখৰ পৰাই পলায়ন কৰে গভাইভ চোৰ চাফিজুল আলিয়ে।উল্লেখযোগ্য যে, গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা অপৰাধী পলায়ন কৰা এইটোৱেই প্ৰথম ঘটনা নহয়। পূৰ্বেও কেইবাবাৰো আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছে কেইবাজনো চোৰ, ডকাইতে।