Local, Vocal, Global

১৫ হাজাৰ বাংলাদেশীয়ে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব

লোকসভাৰ মজিয়াত উন্মোচিত এক ভয়ংকৰ তথ্য৷ স্বয়ং কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে উদঙালে এই তথ্য৷ বিগত ৫ বছৰত অৰ্থাৎ ‘কা’ৰ পূৰ্বে ১৫ হাজাৰ বাংলাদেশীক প্ৰদান কৰা হৈছে ভাৰতৰ নাগৰিকত্ব৷ লক্ষণীয়ভাৱে অসমৰ বিদেশী ন্যায়াধীকৰণত ৮৩ হাজাৰ ৮টা গোচৰ বিচাৰধীন হৈ আছে৷ উল্লেখ্য যে সন্দেহজনক ভোটাৰ হিচাপে ঘোষণা কৰাৰ পিছত এই গোচৰসমূহ বিচাৰাধীন হৈ আছে৷ বিগত ৫ বছৰত ৮৬ হাজাৰ ৭৫৬গৰাকী লোকক বিদেশী হিচাপে ঘোষণা কৰা হৈছে৷ ২০১৫ৰ পৰা ২০২০ চনৰ ৩০ জুনলৈ এইসকল লোকক বিদেশীৰূপে ঘোষণা কৰাও হৈছে৷ এই ভয়ংকৰ তথ্য লোকসভাত উদঙালে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে৷

লগতে মন্ত্ৰীগৰাকীয়ে কয় বিদেশী ন্যায়াধীকৰণসমূহ কেৱল অসমতহে কাৰ্যক্ষম হৈ আছে৷ বৰ্তমানেও কেন্দ্ৰৰ হাতত কোন ৰাজ্যত কিমান ডিটেনচন কেম্প আছে তাৰ কোনো তথ্য এতিয়ালৈ নাই৷