Local, Vocal, Global

গুজৰাটৰ চুৰাট আদালতে দোষী সাব্যস্ত কৰিলে ৰাহুল গান্ধীক! বিপদত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী…

ডিজিটেল ডেস্ক:- গুজৰাটৰ চুৰাট আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক “মোডীৰ উপাধি” সন্দৰ্ভত কৰা মন্তব্যৰ বাবে দোষী সাৱ্যস্ত কৰে।
২০১৯ চনত ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছে। প্ৰধানমন্ত্ৰী মোডীক “চোৰ” বুলি কৰা মন্তব্যৰ বাবেই আজি আদালতত শুনানি হৈছিল।
অৱশ্যে, আদালতে এতিয়াও শাস্তি ঘোষণা কৰা নাই। ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁৰ কথিত মন্তব্যৰ বাবে গোচৰ ৰুজু কৰা হৈছে য’ত তেওঁ কথিতভাৱে কৈছিল, “সকলো চোৰৰ উপধি মোডী কিয়?” ” ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই এই মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোডীয়ে অভিযোগ দাখিল কৰিছিল।
২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত এই মন্তব্য কৰিছিল বুলি অভিযোগ কৰা হৈছে।চাৰি বছৰ পুৰণি এই গোচৰটোৰ শুনানিৰ সময়চোৱাত আজি আদালতত ৰাহুল গান্ধী উপস্থিত থাকে। তেওঁৰ লগতে গুজৰাটৰ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতা আদালতত উপস্থিত আছিল।গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ (মানহানি) ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছিল। ৰাহুল গান্ধীয়ে তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ ২০২১ চনৰ অক্টোবৰত চুৰাট আদালতত হাজিৰ হৈছিল। আদালতে গান্ধীক কি শাস্তি প্ৰদান কৰে সেয়া হ’ব লক্ষণীয়। একাংশৰ মতে তেওঁৰ ২ বছৰ পৰ্যন্ত জেল হ’ব পাৰে।