Local, Vocal, Global

বিলাসীপাৰাত জব্দ অবৈধ সুৰা ভৰ্তি ট্ৰাক

এটাৰ পিছত আন এটা সফল অভিযান বিলাসীপাৰাৰ আৰক্ষীৰ। যোৱা কেইবাদিনো ধৰি নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে বিলাসীপাৰাৰ আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান।ইতিমধ্যে বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট, ছিৰাপ সহ পাঁচজনকৈ অবৈধ সৰবৰাহকাৰীক আটক কৰাৰ পিছত এইবাৰ বিলাসীপাৰাৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় এখন অবৈধ সুৰা ভৰ্তি  ট্ৰাক। বিলাসীপাৰাৰ হাকামা ৰাষ্ট্ৰীয় ঘাইপথত AS17 0957 নম্বৰৰ এখন ট্ৰাকত অবৈধভাবে সৰবৰাহ কৰা ৩৮০ কাৰ্টুন অৰ্থাৎ ৪৫৮০ বটল সুৰা জব্দ কৰে আৰক্ষীয়ে।গোৱালপাৰাৰ পৰা ধুবুৰী অভিমুখে গৈ থকা সুৰাৰ বটল সমূহ জব্দ কৰাৰ লগতে বিষু সুত্ৰধৰ নামৰ ট্ৰাক চালকজনকো আটক কৰে আৰক্ষীয়ে। বিলাসীপাৰাৰ আৰক্ষীয়ে সুৰাসমূহ জব্দ কৰি তদন্ত আৰম্ভ কৰিছে যদিও প্ৰকৃত অবৈধ সৰবৰাহ কাৰীৰ এতিয়াও কোনো শুংসুত্ৰ উলিয়াব পৰা নাই।