Local, Vocal, Global

যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল গোৰেশ্বৰ

নিউজ ডেস্ক, ১০ জুলাই : এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল গোৰেশ্বৰৰ নাওকাটা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদ।

পশ্চিম নাওকাটাৰ পহলেলিপামৰ এজন ১৫ বছৰীয়া যুৱকক চুৰি কৰাৰ অভিযোগত নাওকাটাৰ পূৱ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাই কাৰ্যালয়ত আনি প্ৰহাৰ কৰাৰ পিছত ঘৰত গৈ আত্মহত্যাৰ দৰে চৰমপন্থা বাচি লয় যুৱকজনে।

গোৰেশ্বৰৰ নাওকাটাৰ পহলেলিপামৰ মিথুন কুমাৰ(১৫) নামৰ যুৱকজনৰ মৃত্যুৰ পিছতেই উত্তাল হয় নাওকাটা।
পৰিয়ালৰ লোকে নাওকাটাৰ পূৱ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আচবাব ভাঙি চিঙি লণ্ড ভণ্ড কৰে।
পৰৱৰ্তীসময়ত ঘটনাস্থলীত উপস্থিত হয় তামুলপুৰ জিলাৰ ডি এচ পি ৰূপজ্যোতি কলিতা।