Local, Vocal, Global

তিনিচুকীয়াত পুনৰ আলফা স্বাধীন আৰু সেনা-আৰক্ষীৰ প্ৰচণ্ড গুলীয়াগুলি

নিউজ ডেস্ক, ১০ জুলাই : তিনিচুকীয়াৰ পেঙেৰীৰ ১নং কুজুপথাৰত সন্দেহ জনক আলফা স্বাধীনৰ দলৰ সৈতে সেনা-আৰক্ষীৰ প্ৰচণ্ড গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছে।

DIG জিতমল দলেৰ নেতৃত্বত চলা আলফা স্বাধীনৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানত আৰক্ষীলৈ লক্ষ্য কৰি গ্রেনেড নিক্ষেপ কৰিছে আলফা(স্বাঃ)ৰ সদস্যই।

আলফাৰ ৰূপম অসমৰ নেতৃত্ব থকা দলটোৰ সৈতে এই সংঘৰ্ষৰ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

বৰ্তমান সময়লৈকে গুলীয়াগুলিৰ ফলত কোলা লোক হতাহতি হোৱাৰ খবৰ জানিব পৰা হোৱা নাই। সম্প্ৰতি ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ আটংকই বিৰাজ কৰিছে।

উল্লেখ্য যে, কিছু দিন পূৰ্বে তিনিচুকীয়াৰ কাকপথাৰত সেনা-আৰক্ষীৰ সৈতে আলফাৰ ৬ জনীয়া এটা গোটৰ সংঘাট হৈছিল। উক্ত ঘটনাত আলফা এজন সদস্য নিহত হৈছিল।
আনহাতে, ৬ জনীয়া আলফাৰ দলটোক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল ।