Local, Vocal, Global

ৰাজ্যত পুনৰ হাতী মানুহৰ সংঘাট

নিউজ ডেস্ক, ১০ জুলাই : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাট ।

অসমৰ ওদালগুৰি জিলাৰ ৰাজাগড় অঞ্চলৰ ধৰমজুলি গাঁৱত সংঘটিত হোৱা হাতীৰ জাকৰ আক্ৰমণত নিহত হৈছে এজন ব্যক্তি।

মৃত ব্যক্তিজনক ৰান্তি ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে।

খবৰ অনুসৰি বনৰীয়া হাতীৰ জাকটোৱে গাওঁখনত আক্ৰমণ আৰম্ভ কৰিছিল, যাৰ ফলত স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল।

স্থানীয় লোকসকলৰ মতে নেৰানেপেৰা বৰষুণ আৰু বানপানীয়ে চলোৱা ধ্বংসলীলাত খাদ্যৰ উৎসক প্ৰভাৱিত কৰিছে। যাৰ ফলত হাতীবোৰে খাদ্যৰ সন্ধানত গাওঁখনত প্ৰৱেশ কৰিছিল ।