Local, Vocal, Global

পুনৰ বানৰ কবলত গহপুৰৰ বিস্তীৰ্ণ অঞ্চল

ব্ৰহ্মপুত্ৰৰ দ্বিতীয়টো বানে জুৰুলা কৰিছে গহপুৰৰ দক্ষিণাঞ্চলত। গোপালজাৰণি, সৰুতামুলী, বৰতামুলী, ঠুটেচাপৰিকে ধৰি কেইবাখনো গাওঁ জলমগ্ন হৈ পৰিছে।নৈ-পৰীয়া লোকসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । তাৰ মাজতে ব্ৰহ্মাজান, চত্ৰং, বালিজান,কুকৰজান, সোলেঙী, ডুবিয়া, চেঁচা আদি পাহাৰীয়া নৈয়ে ৰণচণ্ডী ৰূপ ধাৰণ কৰিছে গহপুৰত। কেউফালৰ পৰা বৈ অহা নৈ উপনৈৰ বাঢ়নি পানীৰ ফলত গহপুৰৰ সৰ্বত্ৰে এতিয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কৃষক সকলৰ সপোন এতিয়া বানত উটি গৈছে । এসাপ্তহৰ পূৰ্বে বান শুকাইছিল যদিও পুনৰ নিশাটোৰ ভিতৰতে বান আহি সকলোবোৰ তচনচ কৰি নিয়ে। যাৰ ফলত দিক-বিদিক হেৰুৱাই পেলাইছে বন্যাৰ্তই । বৰ্তমান গহপুৰত  ন-ন অঞ্চল প্লাৱিত হৈ পৰিছে বানত ।