Website Design: dastechnologies.in
শিৱসাগৰৰ যুৱ নেতা অশ্বিনী চেতিয়া আৰু নাই । মাত্ৰ ৪৮ বছৰ বয়সতে ইহ সংসাৰ ত্যাগ কৰে যুৱ নেতা গৰাকীয়ে । গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে যুৱ নেতা অশ্বিনী চেতিয়াৰ । দীৰ্ঘদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ মুম্বাইৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দীর্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল চেতিয়া । কিছু মাহ পূর্বে কিছু সুস্থ হৈ ঘৰলৈ উভটি আহে যদিও পিছত এমাহৰ পূৰ্বে পুনৰ অসুস্থ হৈ পৰে । স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু বৃহস্পতিবাৰৰ নিশা ১২ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে অশ্বিনী চেতিয়াই । নিশাই তেওঁৰ নশ্বৰ দেহ লৈ অনা হয় শিৱসাগৰৰ নিজ গৃহলৈ। নশ্বৰ দেহ নিজ গৃহ আহি পোৱাৰ পূৰ্বে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি, শিৱদ’লৰ সন্মুখ আৰু ষ্টেচন চাৰিআলিৰ আটাচুৰ জিলা কাৰ্যালয়ত শেষ শ্রদ্ধাঞ্জলি জনোৱা হয় অশ্বিনী চেতিয়াক।
শিৱসাগৰ হাঁহচৰা নপাম চেতিয়া গাঁৱৰ প্ৰতাপ চন্দ্র চেতিয়া আৰু স্নেহলতা চেতিয়াৰ মাজু পুত্র অশ্বিনী চেতিয়া। হাহঁচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ কলেজীয়া শিক্ষা সাং কৰিছিল শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা। মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা দিনৰে পৰা বিভিন্ন ৰাজহুৱা কামত জড়িত চেতিয়াই আনুষ্ঠানিক ভাৱে সদৌ টাই আহোম ছাত্র সন্থাৰ নেতৃত্ব লয় ১৯৯৭চনত।তেওঁৰ নেতৃত্বত সবল হয় সদৌ টাই আহোম ছাত্র সন্থাৰ সাংগঠনিক ভেঁটি।টাই জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৰ উপদেষ্টা হৈ থকাৰ সময়তে সংগঠনটোৰ পৰা অব্যাহতি লৈছিল চেতিয়াই।

২০১৬ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল চেতিয়াই । ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত পৰাজিত হোৱা চেতিয়াই পৰৱৰ্তী সময়ত যোগদান কৰে ভাৰতীয় জনতা পার্টিত।
মৃত্যু পর্যন্ত অশ্বিনী চেতিয়াই শাসকীয় দলটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাম কৰি গৈছিল।
২০২১ৰ বিধান সভা নিৰ্বাচনত শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা বিজেপি দলৰ সাম্ভাব্য প্ৰাৰ্থী হিচাপে সকলোৰে মাজত চেতিয়াৰ নাম উচ্চাৰিত হৈছিল।