Local, Vocal, Global

নুমলীগড়ত হাতী মানুহৰ ভয়াৱহ সংঘাত

নুমলীগড়ত হাতী মানুহৰ ভয়াৱহ সংঘাত ।নুমলীগড়ৰ বকিয়ালৰ বুঢ়া-গোহাঁইখাট অঞ্চলত হাতী মানুহৰ সংঘাতে  ভয়াৱহ  ৰূপ ধাৰণ কৰিছে।   দৈনিক জাকে জাকে বন্যহস্তী বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে ত্ৰাসৰ। হাতীৰ এটা বৃহৎ জাকে বুঢ়াগোহাঁইখাট অঞ্চলত প্ৰৱেশ কৰি নিশাৰ পৰা পুৱালৈকে উপদ্ৰৱ চলাই । হাতীৰ জাকে ভাঙি তহিলং কৰে কেইবাটাও বাসগৃহ ৰ লগতে এটা নামঘৰ । খাই অনিষ্ট কৰে বাৰীৰ কলগছ, নাৰিকল গছকে ধৰি বিভিন্ন খেতি পথাৰ ।কথমপি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ ।  এতিয়া দৈনিক এনেদৰে উপায়ন্তৰ হৈ গাওঁবাসীয়ে উজাগৰে থাকি হাতী খেদিব লগা হয় । দীৰ্ঘদিনে অঞ্চলটোত অব্যাহত আছে হাতী মানুহৰ সংঘাত  ।