Local, Vocal, Global

আপুনি বিচাৰে নেকি সকলোৱে আপোনাক ভালপাব লাগে ? তেন্তে এই ৫টা কথা আপোনাৰ বাবে

*আপুনি বিচাৰে নেকি সকলোৱে আপোনাক ভালপাব লাগে ? তেন্তে এই ৫টা কথা আপোনাৰ বাবে

সকলো মানুহে বিচাৰে নিজকে ভালে ৰাখিবলৈ। নিজৰ ভাল ব্যৱহাৰে আপোনাক এশ জনৰ মাজত এজন বুলি বিবেচিত কৰিব । কিন্তু আপুনি এশ জনৰ ভিতৰত ভাল হ’ব কেনেকৈ ?
আপোনাক সকলোৱে আঁকোৱালি ল’বলৈ আপুনি কি কৰিব ?তেন্তে সদায় এই ৫টা কথা মনত ৰাখি চলিব। চাব আপুনি বিচৰা ধৰণেৰে সকলোৱে আপোনাক ভাল পাব আৰু আঁকোৱালি ল’ব ।
প্ৰথম কৌশল

১.আলোচনা – কেতিয়াও বেলেগৰ কথা লৈ আলোচনা কৰি নুফুৰিব । মানুহজন এনেকুৱা,মানুহজনে সেইটো কৰে, মানুহজনে একো নাজানে ইত্যাদি কথাবোৰ লৈ আপুনি আলোচনা নকৰিব ।
২.অভিযোগ – আপোনাৰ লগত হোৱা কামবোৰক লৈ অভিযোগ নকৰিব । এইটোৰ কাৰণে কৰিব নোৱাৰিলোঁ। আমি কিবা এটা কৰাৰ আগত বিভিন্ন ধৰণৰ প্ৰশ্ন মনলৈ আহে যে কৰিব পাৰিম নে নাই । যদিও কৰিব পাৰিম বুলি ভৱা যায় বেলেগ লোকে কি ভাবিব এনেধৰণৰ কথা মনলৈ কেতিয়াও আহিব নালাগে।

৩ .কান্দিব নালাগে – মনত ৰাখিব ,চকু পানীৰ বিনিময়ত একো পোৱা নাযায় এই পৃথিৱীত । পৃথিৱীত কান্দি থকা মানুহক কোনেও ভাল নাপায় এইয়া চিৰস‌ত্য কথা । আপুনি কান্দিব ভিতৰি ভিতৰি কিন্তু প্ৰকাশ নকৰিব। কাৰণ আপোনাৰ দুখ বুজি পোৱা মানুহ বিচাৰি পাবলৈ বৰ কঠিন ।

৪.অভিশাপ – আপুনি কেতিয়াও অভিশাপ নিদিব । আপোনাৰ ভাল নহ’ব,মোৰ লগত বেয়া কৰিছে কাৰণে আপোনাৰ বেয়া হ’ব , আপোনাৰ সকলোবোৰ ধ্বংস হ’ব আদি অভিশাপ নিদিব । সদায় আপোনাৰ কৰ্ম,আপোনাৰ চিন্তাক লগত লৈ আগুৱাই যাব ।

৫.তুলনা… নিজকে তুলনা নকৰিব আনৰ লগত । বেলেগৰ আছে মোৰ কিয় নাই,বেলগৰ ইমান ধুনীয়া চেহেৰা মোৰ কিয় নহয়,বেলেগে ইমান আগুৱাই গৈছে মই কিয় নোৱাৰো। নিজৰ চিন্তা শক্তিত এনেধৰণৰ কথা আহিবলৈ নিদিব । আপুনি সদায় নিজৰ ,যি আছে তাকে লৈ সুখী বুলি ভাবি আপোনাৰ চিন্তাত আগুৱাই যাবলৈ চেষ্টা কৰিব।

এই কেইটা কৌশল অৱলম্বন কৰিলে আপুনি এক আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হ’ব পাৰিব।