Local, Vocal, Global

অসমৰ পুতলা নাচ আৰু চহা জীৱনৰ সম্পৰ্কৰ আধাৰত নিৰ্মিত ছবি ”লাইফ ইন এ পাপেট”

ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ সংগঠন ইউনেস্কৰ ছবি মহোৎসৱত প্ৰদৰ্শিত হব লাইফ ইন এ পাপেট ছবি।

ওটিপি চেইন্ডে এই ছবিখনৰ ৱল্ড প্ৰিমিয়াৰ কৰিব।

অসমৰ পুতলা নাচ আৰু চহা জীৱনৰ সম্পৰ্কৰ আধাৰত নিৰ্মিত ছবি লাইফ ইন এ পাপেট।

ইতিমধ্যেই এই ছবিখনে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে 20 টাকৈ সন্মান।

অসমৰ ওজাপালিৰ আৰু দেওধনী নৃত্যৰ আধাৰত নিৰ্মিত হব আন এখন ছবি

 

অনাদি কালৰ অসমৰ চহা জীৱনৰ অন্যতম অবিচ্ছেদ্য অংগ পুতলা নাচক  বিশ্ব দৰবাৰত তুলি ধৰাৰ মানসেৰে বজালীৰ সু সন্তান ৰাজেন দাসে পৰিচালনা কৰা পুতলা নাচ আৰু চহা লোকৰ সম্পৰ্কক নিভাঁজ ৰূপত তুলি ধৰি নিৰ্মাণ কৰা ‘লাইফ ইন এ পাপেট’ নামৰ ছবিখনে ইতিমধ্যেই ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায় বিশটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

নিশ্চিত ভাবে অসমৰ ছবি জগতৰ বাবে এক শুভ লক্ষণ। ইয়াৰ মাজতে পুনৰ লাইফ ইন এ পাপেটলৈ আহিছে আন এটা সুখবৰ কৰন শীঘ্ৰেই পুনৰ ৰাষ্ট্ৰসংঘৰ মঞ্চত জিলিকিব অসম তথা বজালীৰ সন্তান ৰাজেন দাস কাৰন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেবাটাও বটা আজুৰি আনিবলৈ সক্ষম হোৱা লাইফ ইন এ পাপেট এইবাৰ প্ৰদৰ্শিত হোৱ ইউনেস্কৰ ছবি মহোৎসৱত। আৰু এই ছবিখনৰ ৱল্ড প্ৰিমিয়াৰ হব ।

তাৰোপৰি আগন্তক দিনত পুনৰ অসমীয়া লোক কৃষ্টি ওজাপালি আৰু দেওধনী নৃত্যক লৈও পুনৰ এখন ছবি নিৰ্মাণৰ পৰিকল্পনা কৰা বুলিও নিউজ লাইভৰ সন্মুখত প্ৰথম বাৰৰ বাবে প্ৰকাশ কৰিলে পৰিচালক তথা প্ৰবক্তা ৰাজেন দাসে।