Local, Vocal, Global

দুদিনৰ ভিতৰত ৮ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী তথা আসক্ত লোকক আটক

ৰঙিয়া আৰক্ষীৰ অভিযান:  দুদিনৰ ভিতৰত ৮ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী তথা আসক্ত লোকক আটক

 

মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান। ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে যিমানেই অভিযান তীব্ৰতৰ  হৈছে ,সিমানেই  আটক হʼবলৈ ধৰিছে ইয়াৰ লগত জড়িত বিভিন্ন ব্যক্তিসকল । ৰঙিয়াত যোৱা দুটাদিনত ৮ জনকৈ লোকক আটক কৰা ঘটনাই হতচকিত কৰি তুলিছে ৰঙিয়াবাসীক। জব্দ হৈছে এখন AS-01-EB-2752 নম্বৰৰ ৱাগন আৰ বাহন আৰু ১०৩.৮० গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ যাৰ আনুমানিক মূল্য ১० লাখ টকা।

চলিত মাহৰ প্ৰথম সপ্তাহতে ইয়াৰ লগত জড়িত ৯ জনকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী,লক্ষণীয়ভাৱে এই মাৰাত্মক বেহাৰ লগত বহু নেতা পালিনেতা সভ্ৰান্ত ঘৰৰ লোকো ইতিমধ্যেই আৰক্ষীৰ জালত পৰিছে। এইকথাই প্ৰমাণ কৰে কিমান দূৰলৈকে শিপাই আছে ড্ৰাগছৰ সাম্ৰাজ্যখন। ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনিল মৰাণে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যহত ৰাখিব বুলি প্ৰকাশ কৰে ।