Local, Vocal, Global

N95 নহয় , শংকৰে বনালে সোণৰ মাস্ক

সোণৰ খাৰু নহয়, এইবাৰ সোণৰ মাস্ক !

শংকৰে বনাই ল’লে সোণৰ মাস্ক, মূল্য প্ৰায় তিনি লাখ

কৰ’না ভাইৰাছৰ পৰা বাচি থাকিবলৈ মাস্ক পৰিধান কৰাটো অত্যন্ত জৰুৰী। বজাৰত উপলব্ধ হৈছে বিভিন্ন ধৰণৰ মাস্ক । প্ৰয়োজনীয় কামত ঘৰৰ বাহিৰলৈ গ’লে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। এইবাৰ কাপোৰ নহয় চৰ্চালৈ আহিছে এখন সোণৰ মাস্ক।মহাৰাষ্ট্ৰৰ পুনেৰ শংকৰ কুৰাড নামৰ ব্যক্তি এজনে  নিজৰ বাবে বনাই ল’লে সোণৰ মাস্ক । শংকৰ কুৰাডে ২.৮৯ লাখ টকা খৰছ কৰি বনাই লৈছে সোণৰ মাস্ক ।

সৰুৰে পৰা  শংকৰ কুৰাডৰ আছে সোণৰ প্ৰতি  দুৰ্বলতা । শংকৰে শৰীৰত পৰিধান কৰে প্ৰায় ৩ কিলোৰ সোণ। সোণ পৰিধান কৰাটো  শংকৰৰ একপ্ৰকাৰৰ নিচা । কোলহাপুৰৰ এজন ব্যক্তিয়ে ৰূপৰ মাস্ক পৰিধান কৰা টিভিত দেখি অনুপ্ৰাণিত হৈ শংকৰে সোণৰ মাস্ক বনায় বুলি স্বীকাৰ কৰে । লগতে কয় যে পৰিয়ালৰ বাকী সদস্যৰ বাবেও বনাই দিব সোণৰ মাস্ক।

তদুপৰি শংকৰে কয় যে সোণৰ মাস্কখন পাতল, উশাহ লোৱাত নাই কোনো সমস্যা। শংকৰে আৰু কয়, ” মই নাজানো যে, এই মাস্ক কৰ”না ভাইৰাছৰ পৰা বাচি থাকিবলৈ উপযুক্ত হ’ব নে নহ’ব।”