Local, Vocal, Global

কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা গোলাঘাট জিলাৰ উপায়ুক্ত কাৰ্যালয়

গোলাঘাট লাইফ লাইন চিকিৎসালয়ৰ মেনেজাৰ জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ অহা ২০ গৰাকী লোক কৰ’নাত  আক্ৰান্ত হোৱাৰ পিছতেই এতিয়া  হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গোলাঘাটত । ২০ গৰাকী লোক পজিটিভ হোৱাৰ পিছতেই গোলাঘাট উপায়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয় , বাৰ এছ’চিয়েছন, স্কুল উপ পৰিদৰ্শক কাৰ্যালয় সৈতে উপায়ুক্ত কাৰ্যালয় সমীপৰ ৫০ মিটাৰ অঞ্চল কন্টেইনমেন্ট জ’ন  হিচাপে  ঘোষণা  গোলাঘাট প্ৰশাসনৰ ।  কভিড আক্ৰান্ত অধিবক্তা গোলাঘাট উপায়ুক্ত কাৰ্যালয় , চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী সংস্পৰ্শলৈ অহাৰ সন্দেহ প্ৰশাসনৰ । পৰৱৰ্তী প্ৰশাসনৰ  নিৰ্দেশ  নোহোৱা পৰ্য্যন্ত এই সমুহ কাৰ্যালয়  বাহাল থাকিব কন্টেইনমেন্ট জ’ন হিচাপে ।