Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়ৱহতা

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়ৱহতা ।প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৫৬০ গৰাকী।
নতুনকৈ আক্ৰান্তৰ ৩৫২ গৰাকী কামৰূপ মহানগৰৰ, ১৩৭ যোৰহাট জিলাৰ আৰু ১০৪ গৰাকী কামৰূপ গ্ৰাম্য জিলাৰ। বিগত ২৪ ঘন্টাত ৰাজ্যত সুস্থ হৈ ঘৰলৈ ওভতে ২০৪৫ গৰাকী। ইয়াৰ বিপৰীতে ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হয় মৃত্যু ৭ গৰাকীৰ।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৮৯,৪৬৮ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰে ৬৭, ৬৪১ গৰাকী ৰোগীয়ে। সম্প্ৰতি সমগ্ৰ ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২১, ৫৯০ গৰাকী লোক। ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ২৩৪ গৰাকীৰ।
শনিবাৰৰ দিনটোত ৰাজ্যত ২৩ হাজাৰ ৪০ গৰাকীৰ স্বোৱাব টেষ্ট সম্পন্ন কৰে। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত লোকৰ হাৰ ৬.৭৭ শতাংশ।