Local, Vocal, Global

গোলাঘাটত আজিৰ পৰা শিথিল লকডাউন

গোলাঘাটত আজিৰ পৰা শিথিল লকডাউন। গোলাঘাট প্ৰশাসনে গোলাঘাট পৌৰ এলেকাত ঘোষণা কৰা লকডাউন আজিৰে পৰা শিথিল কৰিছে । A,B,C প্ৰক্ৰিয়াৰে গোলাঘাট পৌৰ এলেকাৰ দোকান-পোহাৰ সমূহ খোলা হৈছে । নগৰখনত সমাগম আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ গোলাঘাট নগৰৰ চ’ক বজাৰৰ শাক-পাচলি বজাৰ স্থান সলনি কৰিছে গোলাঘাট প্ৰশাসনে । গোলাঘাট নগৰৰ বাটা পইন্টত দণ্ডাধীশ , পৌৰসভাৰ কাৰ্যবাহী বিষয়াই নগৰখনত পৰ্যবেক্ষণ কৰিছে।মাস্ক পৰিধান নকৰা আৰু হেলমেট পৰিধান নকৰা লোকক  জৰিমনা বিহিছে গোলাঘাট পৰিবহন বিভাগ আৰক্ষীয়ে । মাস্ক পৰিধান নকৰা , হেলমেট পৰিধান নকৰা এই অভিযানত হেলমেট পৰিধান নকৰা আৰক্ষী জোৱানকো জৰিমনা বিহিছে পৰিবহন বিভাগৰ বিষয়াই ।