Local, Vocal, Global

বিহালীৰ বৰজাৰণিত বন্য হস্তীয়ে ভাঙি তচনচ কৰিলে বহু পৰিয়ালৰ বাসগৃহ

বিহালী বিধান সভা সমষ্টিৰ অধিকাংশ অঞ্চলত  বন্য হস্তীৰ উপদ্ৰৱে বৰ্তমান চৰম সীমাত উপনীত হোৱা দেখা গৈছে। যোৱা পষেক জুৰি মোনাবাৰী, কাঠনিবাৰী, বৰগাং পথাৰ, ইটাখোলা গাঁও, ধেমাজিবাৰী আদিৰ উপৰিও বিহালী কমাৰ পুখুৰী, চেনীমাৰী, বেঙাবাৰী , ৰৌমাৰী আৰু বুৰৈ নদীৰ কাষৰীয়া অঞ্চলত একাধিক পৰিয়ালৰ ঘৰদুৱাৰ ভাঙি খেতি পথাৰ ধ্বংস কৰি বিস্তৰ ক্ষতি সাধন কৰাৰ পাছত  দেওবাৰে নিশা ১ মান বজাত বৰজাৰণিত দুটা বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি বৰজাৰণিৰ বহুলোকৰ  গৃহ  ভাঙি টচনচ কৰে।  বহুতৰে ধান চাউল খাই খেলি মেলি একাকাৰ কৰাৰ লগতে ভিতৰৰ আচবাব আদিৰ বিস্তৰ ক্ষতি হয়। জন -জীৱনৰ কোনো হানি বিঘিনি হোৱা নাই যদিও বৃদ্ধ বৃদ্ধা তথা মহিলা আৰু সৰু সৰু সন্তানসহ ঘৰৰ পৰা পলায়ন কৰাৰ মুহূৰ্তত দুই এজন কথমপি ৰক্ষা পৰে । ইতিমধ্যে বন বিভাগৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ লৈ গৈছে যদিও ৰাইজে ক্ষতিগ্রস্থ পৰিয়াল কেইটিয়ে যাতে উপযুক্ত ক্ষতি পূৰণ লাভ কৰে আৰু লগতে অঞ্চলটো বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।