Local, Vocal, Global

গোলাঘাটত দ্ৰুতগতিত বৃদ্ধি কৰ’না সংক্ৰমণ

গোলাঘাটত দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে কভিড-১৯ সংক্ৰমণ। ৰাজ্যৰ ভিতৰত এসময়ত কভিড-১৯ আক্ৰান্তৰ শীৰ্ষত আছিল গোলাঘাট। পোনপ্ৰথমবাৰৰ বাবে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ অহা ৯জন লোকৰ শৰীৰত ধৰা পৰিছিল কৰ’না ভাইৰাছ। তাৰ পিছৰ পৰ্যায়ত জিলাখনত বহিঃ ৰাজ্যৰ পৰা অহা লোকৰ শৰীৰত ধৰা পৰিছিল এই ভাইৰাছ। বৰ্তমান ৰাজ্যখনত কভিড-১৯ ৰোগী বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে গোলাঘাটত দ্ৰুতগতিত বাঢ়িব ধৰিছে কভিড-১৯ সংক্ৰমণ। গোলাঘাটত এইপৰ্যন্ত ২৮৮গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে এই ভাইৰাছ। ২৮৮গৰাকীৰ পৰা বৰ্তমানে ৭০ গৰাকীকৈ লোকহে চিকিৎসাধীন অৱস্থাত আছে। গোলাঘাট কভিড-১৯ চিকিৎসালয়ত ১২০গৰাকী আক্ৰান্ত থাকিব পৰা বিচনা আৰু ১০টা ICUৰ ব্যৱস্থা আছে। জিলাখনত ৰোগী বৃদ্ধি পোৱাত গোলাঘাট চিকিৎসালয়ত বিচনাৰ নাটনি হোৱাৰ বাবে ৯৪গৰাকী লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা ৯৪গৰাকীৰ ৮৯গৰাকী সুস্থ হৈ উঠাত বৰ্তমান ৫গৰাকী চিকিৎসাধীন অৱস্থাত। এইপৰ্যন্ত গোলাঘাটত কভিড-১৯ত আক্ৰান্ত হৈ কোনো লোক মৃত্যুমুখত পৰা নাই। শেহতীয়াকৈ গোলাঘাট চিকিৎসালয়ৰ দুজনকৈ লে’ব টেকনিচিয়ানৰ কভিড-১৯ পজিটিভ পোৱাত আৰু গোলাঘাটৰ কুমাৰপট্টিত বহিঃ ৰাজ্যৰ পৰা অহা এগৰাকী যুৱতী হোম কোৱাৰেণ্টাইনত থকা অৱস্থাত যুৱতীগৰকীয়ে হোম কোৱাৰেণ্টাইনৰ নীতি-নিয়ম পালন নকৰাত ঘৰৰ দুজনকৈ সদস্যৰ দেহলৈ কভিড-১৯ বিয়পে৷ ফলত গোলাঘাটত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে কোৱাৰেণ্টাইনত থকা স্বত্ৱেও  ব্যক্তিগত চিকিৎসালয়ত কৰ্ম সম্পাদন কৰিছিল টেকনিচিয়ান দুজনে। মঙলবাৰে টেকনিচিয়ান দুজনৰ কভিড পজিটিভ অহাৰ পিছতে গোলাঘাটৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ প্ৰশাসনে restricted zone হিচাপে ঘোষণা কৰে। একেদিনাই গোলাঘাট নগৰৰ দুটাকৈ এলেকাক restricted zone ৰূপে গণ্য কৰা হয়। ৰাইজৰ মাজত এই ঘটনাক লৈ আতংকময় পৰিৱেশৰ লগতে গণ সংক্ৰমণৰ আশংকা কৰা হয়।