পথত ভুই ৰুই ক্ষোভিত ৰাইজে কৰিলে অভিনৱ প্ৰতিবাদ

পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নে স্পৰ্শ কৰিব নোৱাৰা গোলাঘাট দেৰগাঁওৰ এটা পথ । পথটোৰ দূৰৱস্থাৰ বাবে জীয়াতু ভোগিছে ৰাইজে । বাৰম্বাৰ বিধায়কক অৱগত কৰাৰ পিছতো ৰাইজে নাপালে সহাৰি । ক্ষোভিত ৰাইজে পথত ভুই ৰুই কৰিলে অভিনৱ প্ৰতিবাদ । আজিলৈকে উন্নয়নৰ বিশেষ মুখ নেদেখা গোলাঘাট জিলাৰ দেৰগাঁও সমষ্টিৰ অধিনৰ কাকডোঙা অঞ্চলৰ মুক্তিযোদ্ধা ভদীয়া কলিতা নামেৰে নামাকৰণ কৰা পথটোত মঙলবাৰে ভূঁই ৰুই ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে এই গুৰুত্বপূৰ্ণ পথটো বহু দিন ধৰি বিধ্বস্ত হৈয় থকাত যাতায়তৰ বেলিকা ৰাইজে দুৰ্ভোগ ভুগি আহিব লগা হৈছিল | পৰিণতিত চৰকাৰ আৰু জনপ্ৰতিনিধিৰ ভুৱা প্ৰতিশ্ৰুতিত অতিষ্ঠ হৈ আজি ৰাইজে পথত ভুই ৰুবলৈ বাধ্য হয় । উল্লেখ্য যে বৃহত্তৰ এলেকাটোৰ কুমাৰগাঁও ,নগঞা,কছলিয়াকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে মূলত: এই পথটোৰ বিধ্বস্তাতাৰ বাবে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্রত বিশেষভাৱে সমস্যাৰ সন্মুখীন হ’ব লগা হৈ আহিছে | তেনে সময়তে নেৰানেপেৰা বৰষুণে পথটো বিধ্বস্ত হয় পৰাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগ আহিছে । চলিত বাৰিষাত সম্পূৰ্ন বিধ্বস্ত হৈ পৰা এই পথটো আনকি যাতায়ত বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰো সন্মুখীন হৈ আহিছিল | বিশেষকৈ সাধাৰন ৰাইজৰ লগতে ব্যৱসায়ী , শিক্ষাৰ্থী , ৰোগীসকল অহা – যোৱা কৰাৰ ক্ষেত্রত সম্পৰ্ণভাবে স্তব্ধ হৈ পৰিব লগা অৱস্থা হৈছে | দেশে স্বাধীনতা লাভ কৰা ৭৩ বছৰ পাছতো পঞ্চায়তীৰাজৰ লগতে বিজেপি মিত্ৰজোটৰ চৰকাৰৰ কোনো এখন আঁচনিয়ে উন্নয়ন অথবা জনজীবনলৈ পৰিৱৰ্তন আনিব নোৱৰা গাঁওবাসীয়ে সেয়ে ক্ষোভিত হৈ এনেদৰে আজি প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্যযে অতি প্ৰয়োজনীয় এই পথটো উন্নতি কৰনৰ বাবে অঞ্চলবাসীয়ে স্থানীয় দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালীক বহুবাৰ অৱগত কৰাৰ পাছতো তেখেতে এই ক্ষেত্রত নিৰ্লিপ্ত ভূমিকা লোৱাত ৰাইজে তেখেতৰ প্ৰতি ক্ষোভিত হৈ এনেদৰে ভূঁই ৰুই প্ৰতিবাদ কৰে । অঞ্চলবাসীয়ে শীঘ্ৰে পথটো উন্নতিকৰনৰ দাবী জনাইছে।