Local, Vocal, Global

কলগাছিয়াৰ বান শিবিৰত তীব্ৰ খাদ্য সংকট

বেঁকী নৈৰ বানপানী কিছু কমিছে যদিও কমা নাই আতংক। এতিয়াও ঘৰৰ ভিতৰত এক আঁঠু পানী। যাৰ বাবে বৰ্ণাত্যই নিজ ঘৰ এৰি আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে ওখ ভিটি নাইবা পথৰ ওপৰত থকা বান শিবিৰত। কিন্তু এই শিবিৰ সমূহত দেখা দিছে তীব্ৰ খাদ্য সংকটে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী বান শিবিৰত ১৫৫ টা পৰিয়ালে অনাহাৰে অস্বাস্থ্যকৰ পৰিবেশত বেঁকী নৈৰ পানী খোৱাৰ লগতে গৰু-ছাগলীৰ লগত সহৱস্থান কৰিব লগা হৈছে। যাৰ বাবে বভিন্ন বেমাৰত আক্ৰান্ত হব লগা হৈছে বন্য়াৰ্তৰ লগতে কণ কণ শিশু। এই ক্ষেত্ৰত স্থানীয় জন প্ৰতিনিধিৰ লগতে বৰপেটা জিলা প্ৰশাসন আৰু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে বন্য়াৰ্তই।