Local, Vocal, Global

একেদিনাই গোলাঘাটত দুটাকৈ এলেকা Restricted Zone , প্ৰথমটো গণ সংক্ৰমণৰ ঘটনা

গোলাঘাটত সংঘটিত হ’ল কৰ’নাৰ প্ৰথমটো গণ সংক্ৰমণৰ ঘটনা। নিষেধাজ্ঞা এলেকা কৰা হ’ল গোলাঘাট নগৰৰ সমীপৰ দুই নং কুমাৰপট্টী ।গোলাঘাট নাৰ্চিং হ’মকো নিষেধাজ্ঞা এলেকা হিচাপে পৰিগণিত কৰি নাৰ্চিং হ’ম খনৰ  চিকিৎসক, নাৰ্চ,কৰ্মচাৰী, ৰোগী সকলোৰে গ্ৰহণ কৰা হ’ব স্বাৱ।উভয় ঘটনাই গোলাঘাটত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া।

নৱজাতককে সামৰি প্ৰসূতি আৰু সকলো ৰোগীৰ গ্ৰহণ কৰা হ’ব স্বাব।গোলাঘাটৰ গোলাঘাট নাৰ্চিং হ’মত চিকিৎসাধীন নৱজাতক,প্ৰসূতি,অন্যান্য ৰোগী সামৰি মুঠ ৩৪ জনৰ কৰ’না পৰীক্ষা কৰা হ’ব।ইয়াৰোপৰি নাৰ্চিং হ’ম খনৰ চিকিৎসক,নাৰ্চ,কৰ্মচাৰী সকলোৰে গ্ৰহণ কৰা হ’ব স্বাব।কালি গোলাঘাটৰ প্ৰাঞ্জল বৰা আৰু ৰিতুৰাজ বৰা নামৰ লেব টেকনিচিয়ান দুজন কবিডত আক্ৰান্ত হোৱাৰ পিছতে একপ্ৰকাৰ হুৱাদুৱা লাগে ।কোৱাৰেণ্টীনত থকা স্বত্বেও গোলাঘাট নাৰ্চিং হোমত কৰ্ম সম্পাদন কৰিছিল কবিড আক্ৰান্ত টেকনিচিয়ান দুজনে।ইয়াৰ পিছতে আজি গোলাঘাট জিলা প্ৰশাসনে Restricted Zone হিচাপে ঘোষণা কৰে নাৰ্চিং হ’ম খন।এই ঘটনাক লৈ ৰোগী আৰু আত্মীয়ৰ মাজত দেখা দিছে আতংকই।

ইপিনে গোলাঘাটত সংঘটিত প্ৰথমটো কৰনাৰ গণ সংক্ৰমণৰ ঘটনাৰ বাবে গোলাঘাট প্ৰশাসনে  নিষেধাজ্ঞা এলেকা হিচাপে পৰিগণিত কৰিছে।বহি:ৰাজ্যৰ পৰা অহা এগৰাকী যুৱতীৰ পৰা ভগ্নী আৰু বৰ দেউতাকলৈ সংক্ৰমণ ঘটে কৰ’না।ফলত প্ৰশাসনে দুই নং কুমাৰপট্টীৰ এশ মিটাৰ এলেকা Restricted Zone গণ্য কৰে।