Local, Vocal, Global

বাঘজানৰ পিছত এইবাৰ অইল ইণ্ডিয়া লিমিটেডৰ চকু ঐতিহাসিক নুমলীগড়ৰ ওপৰত

এইবাৰ অইলৰ বুলডেজাৰ চলিল ঐতিহাসিক নুমলীগড়ত। অইল ইণ্ডিয়াৰ কৰ্ম-কাণ্ডৰ বাবেই কছাৰী ৰাজত্বৰ শেষ অস্তিত্ব ‘নুমলীগড়’টো খান্দি দুচেও কৰি বহুৱাইছে অইলৰ পাইপ। স্থানীয় প্ৰশাসনৰ অজ্ঞাতে অইল ইণ্ডিয়াই নিজ খেয়াল-খুচিত এনেদৰে ঐতিহাসিক নুমলীগড়টো কটা কাৰ্য্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নুমলীগড়ত।

ইতিমধ্যেই সদৌ অসম ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে অইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ঐতিহাসিক পুৰাতাত্বিক সম্পদ সংৰক্ষণ কৰাটো দূৰৈৰ কথা অসমৰ মানচিত্ৰৰ পৰা চিৰদিনৰ বাবে হেৰাই যাবলৈ কেলধোপ কেলধোপ কৰি থকা গড়টোও এতিয়া সোমাই পৰিল অইলৰ দৰে বহুজাতিক কোম্পানীৰ হাতোঁৰাত। এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ বিয়াগোম পুৰাতাত্বিক বিভাগ এটা থকাৰ পিছটো কেনেদৰে অইল ইণ্ডিয়া লিমিটেডে বুলডেজাৰ চলালে ঐতিহাসিক নুমলীগড়ত, তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে৷