Local, Vocal, Global

বাঘজানবাসীয়ে পাব উচিত ক্ষতিপূৰণ , ছিংগাপুৰৰ বিশেষজ্ঞই চলাই আছে অহৰহ প্ৰচেষ্টা

বাঘজানবাসীলৈ প্ৰাৰম্ভিক সকাহ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ । প্ৰাৰম্ভিক পৰ্যায়ত দুৰ্গত ৰাইজৰ থকা-খোৱাৰ বাবে ৫০ লাখ টকা ঘোষণা। পৰৱৰ্তী পৰ্যায়ত অধিক সাহায্য দিয়া হ’ব। বাঘজানবাসীক উচিত ক্ষতিপূৰণ দিব লাগিব অইল ইণ্ডিয়াই।  এইঘোষণা বিভাগীয় মন্ত্ৰী যোগেন মহনৰ ।

বাঘজানৰ ৭ হাজাৰ পৰিয়ালক দিয়া হ’ব উচিত ক্ষতিপূৰণ। উপযুক্ত লোকক অইলত সংস্থাপনৰ আশ্বাস। নিহত ২ কৰ্মচাৰীৰ পৰিয়াললৈ আৰ্থিক ক্ষতিপূৰণ। নিহত তীখেশ্বৰ গোঁহাই আৰু দুৰ্লভ গগৈৰ পৰিয়াললৈ ১ কোটি  টকাৰ ক্ষতিপূৰণ ।প্ৰাণৰক্ষাৰ বাবে পানীত জাঁপ দি আহত হোৱা কৰ্মচাৰীজনলৈ ৬০ লাখ টকাৰ ক্ষতিপূৰণ । দুই নিহতৰ নিকতাত্মীয়ক সংস্থাপনৰো আশ্বাস । বাঘজানৰ পৰিৱেশ স্বাভাৱিক হ’বলৈ যথেষ্ট সময় লাগিব। সংবাদমেলত অইল ইণ্ডিয়াৰ ঘোষণা।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞই চলাই আছে অহৰহ প্ৰচেষ্টা। ৩ বিশেষজ্ঞৰ বাবে দৈনিক ১৬ হাজাৰ ডলাৰকৈ খৰচ কৰা হৈছে। দুই-এদিনতে আমেৰিকা আৰু কানাডাৰ পৰাও আহিব ৩ বিশেষজ্ঞ। তৈল খাদৰ বিস্ফোৰণ সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশৰ পৰা বিৰত অইল ইণ্ডিয়া কৰ্তৃপক্ষ। দায়িত্বত থকা বিষয়াৰ নিলম্বন সন্দৰ্ভতো নুখুলিলে মুখ । MYNEWS NE -ৰ হাতত পৰা তথ্য অনুসৰি নিলম্বন কৰা হৈছে মুখ্য অভিযন্তা বিদ্যুৎ পৱন দাস আৰু ডিআইচি দেৱজিৎ দাসকো | পৰিস্থিতি নিয়ন্ত্ৰনলৈ অহাৰ পিছতে জন এনাৰ্জীৰ বিৰূদ্ধে লোৱা হ’ব ব্যৱস্থা ।