Local, Vocal, Global

মহাৰাষ্ট্ৰৰ পূৰ্ণেত নৃশংস হত্যাৰ বলি হ’ল গহপুৰৰ যুৱক

মহাৰাষ্ট্ৰৰ পূৰ্ণেত নৃশংস হত্যাৰ বলি হ’ল গহপুৰৰ যুৱক : নিজ সতীৰ্থ লখিমপুৰৰ যুৱকে টকাৰ বাবেই হত্যা কৰাৰ অভিযোগ  পৰিয়ালৰ : সম্প্ৰতি হত্যাকাৰী  মহাৰাষ্ট্ৰ আৰক্ষীৰ জিন্মাত

অসমৰ যুৱক বহিৰাজ্যত বিভিন্ন সময়ত হত্যাৰ বলি হৈ অহাৰ বাতৰি , বাতৰিৰ শিৰোনামা দখল কৰি অহাৰ সময়তে এইবাৰ গহপুৰৰ এজন যুৱক নৃশংস হত্যাৰ বলি হ’ব লগা হয় নিজ সতীৰ্থৰ হাতত ।  যোৱা  বিশ চেপ্তেম্বৰৰ নিশা লখিমপুৰ দ’লহাটৰ কুমুদ শৰ্মাই  নিজ সতীৰ্থ গহপুৰ বৰঙাবাৰীৰ অচ্যুত ভূঞাঁক হাত – ভৰি বান্ধিলৈ গামোচাৰে ডিঙি মেৰিয়াই হত্যা কৰে  পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি হত্যাৰ বলি হোৱা যুৱকজনে পোৱা PF ৰ টকা ধাৰলৈ লৈছিল কুমুদ শৰ্মাই আৰু  ধাৰৰ টকা ওভোটাই বিচৰাৰ বাবেই  কুমুদ শৰ্মাই এনেদৰে নৃশংস ভাবে হত্যা কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ।

পূৰ্ণে আৰক্ষীয়ে এই লৈ ইতিমধ্যে সোতৰ গৰাকীকৈ অচ্যুতৰ সতীৰ্থক সোধ – পোচৰ বাবে গ্ৰেপ্তাৰ কৰিছিল যদিও হত্যা কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড কুমুদ শৰ্মা আৰু তেওঁৰ তিনি সহযোগীৰ বাহিৰে বাকী সকলক এৰি দিয়া বুলি পৰিয়ালৰ পৰা জানিব পৰা হৈছে । দুবছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা সম্প্ৰতি হত্যাৰ বলি হোৱা অচ্যুত ভূঞাঁৰ মৃতদেহটো নিজ গৃহলৈ ধনৰ অভাৱত আনিবলৈ সক্ষম নোহোৱাত পৰিয়ালৰ সন্মতি ক্ৰমে যোৱা কালি পূৰ্ণেতেই দহন সম্পূৰ্ণ কৰে বুলি জনাইছে ।

গহপুৰৰ পৰা কেমেৰাত মৌচুমী কাকতীৰ সহযোগত কংকন কাকতীৰ প্ৰতিবেদন

MY NEWS NE