Local, Vocal, Global

তেজেৰে ৰাঙলী ছিপাঝাৰৰ গৰুখুটি

ছিপাঝাৰৰ গৰুখুটিত উত্তপ্ত পৰিস্থিতি । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূণ্য লৈ গুলী চালনা । গুলী চালনাত নিহত দুজনকৈ প্ৰতিবাদকাৰী লগতে গুৰুত্বৰ ভাৱে আহত ১১ জনকৈ আৰক্ষীৰ লোক । ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ বজাৰ এৰিয়াৰ ১ নং ধলপুৰ, ৩ নং ধলপুৰ আৰু পশ্চিম চুৱাত পৃথকে পৃথকে দৰং জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

উচ্ছেদৰ সময়তে বেদখলকাৰীয়ে বাধা প্ৰদান কৰে আৰক্ষী প্ৰশাসনক । হাজাৰ হাজাৰ বেদখলকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে দা লাঠি লৈ শিলাবৰ্ষণ কৰে আৰক্ষীক । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলী চালনাৰ লগতে লাঠি চালনা কৰে প্ৰতিবাদকাৰীৰ ওপৰত ।