Local, Vocal, Global

গোৱালপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২

গোৱালপাৰা জিলাৰ আমজোঙ্গাত ভয়ংকৰ পথ দুৰ্ঘটনা৷ মুখামুখি সংঘৰ্ষ মৰুটি ভান আৰু ভাৰ্নাৰ৷ দুয়োখন বাহনৰে দুই চালক থিতাতে নিহত৷ গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে আহি থকা ভাৰ্নাখনৰ নম্বৰ AS01AK-9394 আৰু গোৱালপাৰাৰ ফালৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা মাৰুটি ভানখনৰ নম্বৰ AS18E-7325. নিহত দুজনৰ বৰ্তমানলৈ কোনো পৰিচয় লাভ কৰিব পৰা হোৱা নাই৷ দৰংগিৰি আৰু দুধনৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ লগতে নিহত দুজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷