Local, Vocal, Global

বিজেপিলৈ এজন, হাগ্ৰামাৰ ১৭ৰ এক গ’ল থাকিল ১৬

প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিজৰফলীয়া কৰিব পাৰে বুলি বিজেপি আৰু ইউপিপিএলৰ নৱ নিৰ্বাচিত এমচিএলএসকলক গুৱাহাটীৰ হোটেল লিলিত ৰখা হৈছে বুলি চৰ্চা চলি থকাৰ মাজতে ভাঙোণ আহিছে বিপিএফতো। ১৭জনকৈ নিৰ্বাচিত প্ৰতিনিধিৰে বিটিচিৰ নিৰ্বাচনত বৃহত্তম দল হিচাপে পৰিগণিত হোৱা বিপিএফৰ এজন পাৰিষদে আনুষ্ঠানিকভাৱে যোগ দিলে বিজেপিত। দলটোৰ জ্যেষ্ঠ নেতা তথা যমদুৱাৰ পৰিষদীয় সমষ্টিৰ নৱ নিৰ্বাচিত এমচিএলএ ৰেওৰেৱা নাৰ্জিহাৰীয়ে বিপিএফ ত্যাগ কৰি বুধবাৰে পিন্ধে গেৰুৱা বসন। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান নাৰ্জিহাৰীৰ। কেৱল তেওঁৱেই নহয় আন দুজনমান বিপিএফৰ নৱ নিৰ্বাচিত এমচিএলএ-য়েও বিজেপিৰ সৈতে যোগাযোগত থকা বুলি চৰ্চা চলিছে। দুই-এদিনৰ ভিতৰতে বিপিএফৰ আৰু দুজনমানে বিজেপিত যোগ দিলে শক্তিহীন হৈ পৰিব হাগ্ৰামা মহিলাৰী। বিপৰীতে বিজেপি-ইউপিপিএল-জিএছপিৰ প্ৰতিনিধিক বিপিএফত যোগ দিয়াৰ বাবে বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে বুলিও বাতৰি ওলাইছে সংবাদ মাধ্যমত।