ৰাজ্যত অবিৰতভাৱে বৃদ্ধি কৰ’নাৰ সংক্ৰমণ

ৰাজ্যত উদ্দেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ২৮৯২ গৰাকী। ইয়াৰ বিপৰীতে শুকুৰবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ২০২০ গৰাকী ৰোগীয়ে। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ মৃত্য ১৫গৰাকী ৰোগীৰ। নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৬৭০ কামৰূপ (মহানগৰ) জিলাৰ, ২৩২গৰাকী কামৰূপ (গ্ৰাম্য) ৰ, ১৭৫ গৰাকী কৰিমগঞ্জ জিলাৰ ১৫১ গৰাকী ডিব্ৰুগড়ৰ জিলাৰ।
বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ২১ হাজাৰ ২২৪ গৰাকী। বৰ্তমানলৈ ৯২,৭১৭ গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩৪৫ গৰাকী ৰোগীৰ। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮,১৫৯ গৰাকী ৰোগী।
শুকুৰবাৰৰ দিনটোত ৰাজ্যত ৩৯,৩৪৭ গৰাকী লোকৰ SWAB টেষ্ট সম্পন্ন কৰাৰ অন্তত আক্ৰান্তৰ হাৰ ৭.৩৪ শতাংশ।