Local, Vocal, Global

আদানী গ্ৰুপে হেৰুৱালে ৭৩,২৫০ কোটি টকা

গৌতম আদানীয়ে আজি এঘণ্টাত ১০ বিলিয়ন ডলাৰ,ভাৰতীয় মূল্যত প্ৰায় ৭৩,২৫০ কোটি, টকা হেৰুৱায়। ইয়াৰ লগে লগে একপ্ৰকাৰে হাহাকাৰ লাগে আদানী গ্ৰুপত। ক’ভিড সংকটে আদানি গোটৰ ষ্টকসমূহক যথেষ্ট প্ৰভাৱ পেলাইছিল। ব্লুমবাৰ্গ বিলিয়নেয়াৰৰ সূচক অনুসৰি শুক্ৰবাৰলৈকে গৌতম আদানিৰ ব্যক্তিগত সম্পত্তিৰ মূল্য আছিল ৭৭ বিলিয়ন ডলাৰ (৫.৬৪ লাখ কোটি টকা)। শুকুৰবাৰে আদানি গ্ৰুপৰ মুঠ বজাৰ মূলধন আছিল ৯.৫ লাখ কোটি টকা, যাৰ ফলত অধ্যক্ষ গৌতম আদানি এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি হৈ পৰিছিল,যিটো আজি তেওঁ হেৰুওৱাৰ সম্ভাৱনা আছে।
নেচনেল চিকিউৰিটিজ ডিপজিটৰী লিমিটেডে (এনএছডিএল) তালিকাভুক্ত আদানি প্ৰতিষ্ঠানৰ চাৰিটাত শ্বেয়াৰ থকা তিনিটা বিদেশী পৰ্টফলিঅ’ ইনভেষ্টৰ (এফপিআই) একাউণ্ট ফ্ৰীজ কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতেই ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগীয়া হয় আদানী গ্ৰুপ।