Local, Vocal, Global

বছৰত এসপ্তাহ সমগ্ৰ বিশ্বতে লকডাউন দিয়াৰ আহ্বান।

সেউজীয়া কৰি জীপাল কৰি তোলাৰ উদ্দেশ্যে প্ৰতি বছৰে এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিবৰ বাবে আহ্বান জনাইছে অৰণ্য মানৱ যাদৱ পায়েঙে।প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি চলাৰ বাবে প্ৰকৃতিলৈ বিশ্বৰ সকলো দেশৰ নেতৃত্বলৈ অনুৰোধ জনাইছে পায়েঙে। অৰণ্য মানৱ যাদৱ পায়েঙে পৃথিৱীৰ কেইবাখনো দেশৰ প্ৰতিনিধিকে ধৰি ইউনেস্কৰ ব্ৰেণ্ড এম্বেচাদৰৰ সন্মুখত এই প্ৰস্তাৱ উৎথাপন কৰিছে।লগতে তেওঁ কয় যে,”লকডাউনৰ সময়ছোৱাত মই মোৰ হাবিত জীৱ-জন্তু,চৰাই-চিৰিকতিসমূহৰ মাজত বহু পৰিৱৰ্তন দেখিবলৈ পাইছিলো। ” মই ইতিমধ্যে এই প্ৰস্তাৱটো ইউনেস্কৰ ব্ৰেণ্ড এম্বেছাদৰৰ সন্মুখত উৎথাপন কৰিছো”। যদিহে যাদৱ পায়েঙৰ এই আহ্বানে বিশ্ববাসীৰ পৰা সঁহাৰি লাভ কৰে তেন্তে সেয়া হয়তো এক অভূতপূৰ্ব ঘটনা হ’ব আৰু প্ৰকৃতিৰ বাবে ই কঢ়িয়াই আনিব বহুত আশাৰ বতৰা