Local, Vocal, Global

তাজমহল,লালকিল্লা আৰু অজন্তা গুহা পুনৰ দর্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব 

দুমাহ পূৰ্বে বন্ধ কৰা তাজমহল আৰু দেশৰ অন্যান্য স্মৃতি স্তম্ভসমূহক ১৬ জুনত পুনৰ মুকলি কৰিব বুলি জনায় ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে (এএছআই)। দৰ্শনাৰ্থীসকলে এই স্থানসমূহ পৰিভ্ৰমণ কৰাৰ বাবে অনলাইনত প্ৰৱেশ টিকট বুক কৰিব লাগিব,কোনোধৰণৰ অফলাইন বুকিঙৰ ব্যৱস্থা কৰা হোৱা নাই।
সংস্কৃতি আৰু পৰ্যটনৰ ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে কয়, “বৰ্তমানৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি সকলোধৰণৰ কেন্দ্ৰীয় সুৰক্ষিত স্মৃতিস্তম্ভ আৰু সংগ্ৰহালয় ১৬ জুনৰ পৰা মুকলি কৰা হ’ব।” চৰকাৰে  ১৫ এপ্ৰিলত ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত তাজমহল, লালকিল্লা আৰু অজন্তা গুহাকে ধৰি সকলো স্মৃতিস্তম্ভ আৰু সংগ্ৰহালয় বন্ধ কৰাৰ নিৰ্দেশ দিছিল।