Local, Vocal, Global

গগৈৰ শেষ জিৰণিৰ বাবে মাটি আগবঢ়ালে ৰেহানউদ্দিনে

তৰুণ গগৈৰ শেষকৃত্য সমাপন তথা সমাধিস্থলীৰ বাবে গুৱাহাটীত মাটি বিচাৰি পোৱা নাই প্ৰশাসনে৷ প্ৰদেশ কংগ্ৰেছৰ অনুৰোধ মর্মে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নির্দেশত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই তৰুণ গগৈৰ শেষকৃত্যৰ বাবে মাটি বিচাৰিছিল যদিও এই পর্যন্ত উপযুক্ত মাটি পোৱা নাই৷ চৰকাৰে মাটি দিব নোৱাৰিলে কংগ্ৰেছৰ মানৱেন্দ্ৰ শর্মা কমপ্লেক্স চৌহদতে গগৈৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷ আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আমিনগাঁও বা সোণাপুৰত মাটিৰ ব্যৱস্থা কৰিব পৰা যাব বুলি জনাইছে৷ তাৰমাজতে গগৈৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ শেষকৃত্যৰ বাবে নিজা মাটি দিবলৈ আগবাঢ়ি আহিছে এজন ব্যক্তি৷মহানগৰীৰ কলাক্ষেত্ৰৰ ওচৰতে ডবকাৰ ৰেহানউদ্দিন নামৰ এজন লোকৰ ব্যক্তিগত মাটি আছে ৷ ৰেহানউদ্দিনে সেই মাটিতে গগৈৰ অন্তিম জিৰণিৰ ব্যৱস্থা কৰিব পাৰিব বুলি ৰাজহুৱাভাৱে ব্যক্ত কৰিছে৷মূৰকত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ শেষকৃত্য ক’ত সম্পন্ন হয় সেয়া জানিবলৈ অপেক্ষা কৰিছে অনুৰাগীসকলে৷