Local, Vocal, Global

Gaurav Gogoi files nomination in Jorhat lok sabha constituency : যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিশাল সমদলেৰে দাখিল মনোনয়ন পত্ৰ

নিউজ ডেস্ক,২৬মাৰ্চ : যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে দাখিল কৰিলে মনোনয়ন । মঙলবাৰে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিশাল সমদলেৰে দাখিল কৰে মনোনয়ন পত্ৰ ৷

জিলা আয়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ১৪ নং লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে । গৌৰৱ গগৈয়ে দুই কিলোমিটাৰ পদযাত্ৰাৰে বিশাল সমৰ্থক আৰু শুভাকাংক্ষীক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে(Gaurav Gogoi files nomination in Jorhat lok sabha constituency)।

মনোনয়ন পত্ৰ দাখিল কৰি গৌৰৱ গগৈয়ে কয় ,”এয়া মোৰ ব্যক্তিগত মনোনয়ন নহয়, এয়া অসমবাসীৰ মনোনয়ন । “

আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত গৌৰৱ গগৈক সংগ দিয়ে বিধায়ক ভাস্কৰ বৰুৱা, ৰেকিবুদ্দিন আহমেদ,জাকিৰ হুছেইন শিকদাৰ,দেব্ৰৱত শইকীয়া আদিয়ে ।

লগতে পঢ়ক : Union Minister Sarbananda Sonowal files nomination for Dibrugarh LS constituency : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দলীয় সভাপতিক কাষত লৈ মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ