Local, Vocal, Global

Zubin Garg’s press conference at Dispur Press Club :‘এইবাৰ বিহুত গান নাগাওঁ,নাচিম হে’-জুবিন গাৰ্গ

নিউজ ডেস্ক,২৬মাৰ্চ : ‘এইবাৰ বিহুত গান নাগাওঁ,নাচিম হে’৷ দিছপুৰ প্ৰেছ ক্লাবৰ সংবাদ মেলত এই মন্তব্য জুবিন গাৰ্গৰ(Zubin Garg’s press conference at Dispur Press Club ) ।

আজি দিছপুৰ প্ৰেছ ক্লাবত শীঘ্ৰেই মুক্তি লাভ কৰিবলগীয়া দুখনকৈ ছবি ‘চিকাৰ’ আৰু ‘আইৰা’কলৈ সংবাদ মেল অনুষ্ঠিত হয় । ‘চিকাৰ’ ছবিখন অসমীয়া ভাষাত নিৰ্মাণ কৰা হৈছে। আনহাতে ‘আইৰা’ ছবিখন নিৰ্মাণ কৰা হৈছে হিন্দী ভাষাত। ২০ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব ‘চিকাৰ’। ৪ এপ্ৰিলত মুক্তি লাভ কৰিব ‘আইৰা’ নামৰ ছবিখনে। দুয়োখন ছবি দৰ্শকক চাবৰ বাবে আহ্বান জুবিন গাৰ্গৰ(Zubin Garg’s press conference at Dispur Press Club)।

প্ৰেছ ক্লাবত ৰঙালী বিহুৰ পৰিকল্পনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে জুবিন গাৰ্গে।তেওঁ কয় ‘‘এইবাৰ বিহুত গান নাগাও, নাচিম হে। ৰাইজে এইবাৰ মঞ্চত মোক নচাটোহে বিচাৰে। তথাপিও গানটো গাবই লাগিব। ইয়াৰ লগতে ৰাজনীতি সন্দৰ্ভটো জুবিন গাৰ্গে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

লগতে পঢ়ক : Gaurav Gogoi files nomination in Jorhat lok sabha constituency : যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিশাল সমদলেৰে দাখিল মনোনয়ন পত্ৰ