আৱেগ নে আক্ৰোশ! কিয় জুবিন গাৰ্গক ফাঁচি দিয়াৰ কথা ক’লে গৰিমাই?

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এটা ফেচবুক পোষ্টে আচম্বিত-হতভম্ব কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক। পোষ্টত গৰিমাই জুবিন গাৰ্গক দেশদ্ৰোহী বুলি কয় আৰু ৰাজপথত ফাঁচি দিয়াৰ কথা উল্লেখ কৰে। কিন্তু স্বামীৰ বিৰুদ্ধে কিয় এই মন্তব্য কৰিলে গৰিমাই? কিছুদিনৰ পৰাই জুবিন গাৰ্গৰ বিৰুদ্ধে এচাম লোকে বিৰূপ মন্তব্য কৰাৰ লগতে তীব্ৰ সমালোচনা কৰি আহিছে। প্ৰথমে মুখ্যমন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰা বিষয়ক কেন্দ্ৰ কৰি কঠোৰভাৱে জুবিনক সমালোচনা কৰিছিল একাংশই। শেহতীয়াকৈ জুবিন গাৰ্গক ৰাজ্যৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়াৰ বাবে ৰাজ্যৰ কৃষি বিভাগে প্ৰস্তাৱ আগবঢ়োৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। লগতে বিতৰ্ক কৰাৰ লগতে কঠোৰ ভাষাৰে সমালেচনা কৰিছে। মুলতঃ ‘কা’ আন্দোলনৰ সময়ত জুবিন গাৰ্গে এক মুখ্য ভুমিকা পালন কৰিছিল। এতিয়া চৰকাৰৰ সঘন মিলনক কেন্দ্ৰ কৰি জুবিনৰ ‘কা’ আন্দোলনৰ স্থিতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে এচাম লোকে।
জুবিন গাৰ্গে প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে আত্মনিৰ্ভৰ অসম গঢ়াৰ সংকল্পত পত্নীৰ সহিতে চামিল হৈছিল শিল্পী গৰাকী। জুবিন গাৰ্গৰ সন্দৰ্ভত এচামে কৰা বিতৰ্ক, কঠোৰ ভাষাৰে কৰা সমালোচনাত অতীষ্ঠ হৈ পত্নী গৰিমাই ফেচবুকত এই মন্তব্য কৰা বুলি ধাৰণা কৰিছে একাংশই। পোষ্টৰ জৰিয়তে গৰিমাৰ ক্ষোভ আৰু মানসিক স্থিতিও প্ৰকাশ পাইছে। কিন্তু অৱশেষত গৰিমা শইকীয়া গাৰ্গে পোষ্টটো ফেচবুকৰ পৰা আঁতৰ কৰে। ফেচবুক পোষ্টতো জুবিন গাৰ্গৰ কৰ্মৰাজি আৰু আত্মনিৰ্ভৰ অসমৰ বাবে ওলাই অহা পদক্ষেপক সমৰ্থনো জনাই একাংশই।