Local, Vocal, Global

এজাক কণ কণ ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ

এজাক কণমানি।দীৰ্ঘদিন ধৰি বিদ্যালয় বন্ধৰ বাবে কণমানিহঁতৰ শাৰীৰিক-মানসিক ক্ষেত্ৰত দেখা দিব পৰা কু প্ৰভাৱৰ বিপৰীতে গ্ৰামাঞ্চলৰ একাংশ কণ কণ ছাত্ৰ-ছাত্ৰীৰ এক ব্যতিক্ৰমী পদক্ষেপ। সাধাৰণতে পুৱা সোনকালে শয্যা ত্যাগ কৰিব নিবিচৰা মানসিকতাৰ বিপৰীতে গ্ৰামাঞ্চলৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে পুৱা ৫ বজাৰ পৰা কাৰাটেৰ দৰে সমৰকলাৰ নিয়মিত প্ৰশিক্ষণ লৈ নিজকে বিদ্যালয় বন্ধৰ ফলত দেখা দিব পৰা কু-প্ৰভাবৰ পৰা নিজকে মুক্ত কৰি ৰাখিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰোপৰি সমৰকলাৰ জৰিয়তে নিজৰ শাৰীৰিক-মানসিক উত্তৰণেই নহয় ৰোগ প্ৰতিহত কৰিব পৰাকৈয়ো নিজৰ শৰীৰটোক সুস্থ ৰাখিবলৈ কৰা এই প্ৰচেষ্টা নিঃসন্দেহেই কণ ণন ছাত্ৰ-ছাত্ৰীৰ বাবে এক ধনাত্মক কথা। বিহপুৰীয়াৰ সমীপৰ তালচীবাৰীৰ বৰখেটমটীয়া উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত অব্যাহত ৰখা এই প্ৰশিক্ষণত প্ৰশিক্ষক হিচাপে আছে নাৰায়ণপুৰৰ ব্লেক বেল্ট ৰঞ্জন শেনচোৱা। বিদ্যালয় খোলাৰ একো নিশ্চয়তা নথকা সময়তো যে অতি ভিতৰুৱা অঞ্চল এটাত এনে এক সুদূৰপ্ৰসাৰী প্ৰচেষ্টা সেয়া নিঃসন্দেহেই আজিৰ দিনটোত এক আশাপ্ৰদ খবৰ।