Local, Vocal, Global

Ganja Seized in Kachua : কচুৱাত জব্দ বুজন পৰিমাণৰ গাঞ্জাসহ সৰবৰাহকাৰী

নিউজ ডেস্ক,১১জুন : কচুৱাত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।অভিযানত কচুৱাৰ অন্তৰ্গত সোনাৰুগুৰী গাঁৱৰ চুলেমা খাতুন নামৰ এগৰাকী মহিলাৰ ঘৰত উদ্ধাৰ বহু পৰিমাণৰ গাঞ্জা(Ganja Seized in Kachua) ।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচুত্য কৃষ্ণ ফুকন আৰু এচ আই লক্ষ্য জ্যোতি গগৈৰ নেতৃত্বত চলিছিল এই অভিযান । অভিযানত চুলেমা খাতুন সহ দুজন লোকক আটক কৰে।অটকাধীন লোককেইজন ক্ৰমে কচুৱা থানাৰ অন্তৰ্গত সাতলুঙাৰ শ্বহীদুল হক আৰু নগাঁও সদৰ থানাৰ অন্তৰ্গত শিয়ালমাৰী ইমৰান হুছেইন। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে লোক কেইজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক : Road Accident in Rangia : দ্ৰুতবেগী বাইকৰ খুন্দাত থিতাতে নিহত মহিলা