Local, Vocal, Global

Chandrababu Naidu to take oath as Andhra Pradesh CM on June 12 : চতুৰ্থবাৰৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব চন্দ্ৰবাবু নাইডুৱে

নেশ্যনেল ডেস্ক,১১জুন : চতুৰ্থবাৰৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব চন্দ্ৰবাবু নাইডুৱে।

পুনৰ আজি অনুষ্ঠিত হোৱা এন ডি এৰ বিধায়িনী দলৰ বৈঠকত চন্দ্ৰবাবু নাইডুকে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত এইবাৰ টিডিপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে বিজয় সাব্যস্ত কৰে। মঙলবাৰে ৰাজ্যখনৰ এন ডি এৰ বিধায়কসকলৰ বৈঠকত জন সেনা পাৰ্টিৰ বিধায়ক পৱন কল্যাণে চন্দ্ৰবাবু নাইডুৰ নাম মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰে(Chandrababu Naidu to take oath as Andhra Pradesh CM on June 12 )।

চন্দ্ৰবাবু নাইডুৱে সংবাদ মাধ্যমৰ আগত কয়, ”বিজেপি, জনসেনা পাৰ্টি আৰু টি ডি পিৰ সকলো বিধায়কে অন্ধ্ৰপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে মোৰ নামত সহাৰি জনাইছে।”

লগতে পঢ়ক : Road Accident in Rangia : দ্ৰুতবেগী বাইকৰ খুন্দাত থিতাতে নিহত মহিলা